ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2025 12:35 PM | Assam Police

printer

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা ১৯ জন লোকক আটক অসম আৰক্ষীৰ

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ১৯ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কৰা মন্তব্য আৰু অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। কালি বৰপেটা আৰক্ষীয়ে জাফি আলী, কাছাৰ আৰক্ষীয়ে ইমৰান হুছেইন আৰু কমৰুদ্দিন আৰু তামুলপুৰ আৰক্ষীয়ে তাহিব আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ আগেয়ে সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে আৰু আৰক্ষীয়ে আপত্তিজনক মন্তব্য দেখা মাত্রেই ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক