ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত অহা ২৪ ঘণ্টাত কুঁৱলীৰ লগতে আকাশ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে কুঁৱলী পৰাৰ লগতে আকাশ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত আকাশ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্রী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৭ দশমিক ৮ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১৪ দশমিক ৪ ডিগ্রী চেলছিয়াছ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।