ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 6, 2025 12:15 PM | assam ne weather

printer

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল, সন্ধিয়ালৈ ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ ফৰকাল হৈ থাকিব। পুৱা আৰু সন্ধিয়াৰ ভাগলৈ অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ আগলি বতৰা অনুসৰি আজি গুৱাহাটীৰ আকাশ ফৰকাল থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ দশমিক ৮ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১১ দশমিক ৪ ডিগ্রী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।