উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ কৰে। নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটুন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম্বেঅ’ কিকন, ঊষা সমষ্টিৰ বিধায়ক ৱাই মহেম’ ন’বেঅ’ হমেছেৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে বন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। দুয়োখন চৰকাৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপণ কৰা হয়। ইপিনে, উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৭৩টা পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ পি নৰসিমহা আৰু অতুল চন্দ্ৰুকাৰৰ বিচাৰপীঠে পৰৱৰ্তী শুনানিপর্যন্ত এই স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনলৈ জাননী জাৰি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনে আজি মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী অঞ্চলত উচ্ছেদ অভিযান চলাই ১০৫খন ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে। গোৱালপাৰা চহৰৰ ময়লাপথাৰ বজাৰৰ পৰা শিল বজাৰলৈকে লোকনিৰ্মাণ বিভাগৰ পথৰ কাষত চৰকাৰী মাটি দখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই অহা এই প্রতিষ্ঠানসমূহক সেই ঠাই এৰি যাবলৈ প্ৰশাসনে পূর্বেই জাননী জাৰি কৰিছিল। কিন্তু ব্যৱসায়-প্রতিষ্ঠানসমূহে সেই ভূমি ত্যাগ নকৰাত প্রশাসনে উচ্ছেদ চলায়। নগাঁও জিলা প্রশাসনেও ধিং ৰাজহ চক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অহা ২৭ আগষ্টত এই অঞ্চলকেইটাত উচ্ছেদ অভিযান চলোৱা হ’ব।
Site Admin | August 23, 2025 6:36 PM | assam nagaland meeting uriamghat
উৰিয়ামঘাটৰ বিদ্যাপুৰত অসম-নাগালেণ্ড চৰকাৰৰ বৈঠক, উচ্ছেদিত স্থান-গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ