মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টা

অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত এই সমস্যাৰ শান্তিপূর্ণ সমাধান উলিওৱা হ’ব। কেন্দ্ৰীয় বিজ্ঞান প্রযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কালি নাগালেণ্ডত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শীঘ্ৰে এই সমস্যাৰ সমাধান হোৱাৰ পথ প্ৰশস্ত হ’ব। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনত এখন জিলা এবিধ সামগ্ৰী কাৰ্যসূচীৰ অধীনত ৫ বছৰীয়া এখন ভৱিষ্য নথি মুকলি কৰে। ওখা জিলাত কল খেতিৰ জৰিয়তে উপার্জন বৃদ্ধি শীর্ষক এই ভৱিষ্য নথি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ ৰূপান্তৰকামী যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত দশকটোত উত্তৰ-পূবত ঔদ্যোগিক কামকাজ বৃদ্ধি পোৱাৰ লগতে চাকৰিৰ সুযোগো বৃদ্ধি হৈছে। তেওঁ ৰাজ্যখনত মাদকদ্রব্য প্রচলন ৰোধ কৰাৰ বাবে মিজোৰামৰ আৰ্হিত তৃণমূল স্তৰৰ পৰা মাদকদ্রব্য বিৰোধী অভিযান চলাবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত বাঢ়ি অহা হাতী-মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি এই সমস্যাৰ দীৰ্ঘ ম্যাদী সমাধান উলিওৱাৰ বাবে এখন কেন্দ্ৰীয় বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। ড০ সিঙে জল সংৰক্ষণ আৰু সম্পদ ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।