মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাত অংশগ্রহণ বাবে ৰাওনা হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত নামঘৰ, মণিকূট আৰু ৰাঙলী চ’ৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত-বৈষ্ণৱৰ এই দলটোৱে মেলাত ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম-প্ৰসংগ পৰিৱেশন কৰিব। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত অগণন ভক্ত আৰু তীর্থযাত্ৰীৰ সমাগম দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে ৭ কোটি ৭২ লাখৰো অধিক ভক্তই মহাকুম্ভমেলাত ভাগ লৈছে আৰু ত্রিবেণী সংগমত পৱিত্ৰ স্নান সম্পন্ন কৰিছে।
Site Admin | January 19, 2025 1:19 PM | assam majuli to mahakumbhamela
প্রয়াগৰাজৰ মহাকুম্ভমেলালৈ মাজুলীৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০জনীয়া ভকত-বৈষ্ণৱৰ দল
