অসম বিধানসভাৰ শীতকালীন অধিবেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত আৰম্ভ হ‘ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰা হ‘ব। সেইদিনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিবেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্রীসভাই লোৱা সিদ্ধান্ত অনুসৰি ১৯৮৩ চনত নেলীত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভূৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্রতিবেদন এইবাৰৰ অধিৱেশনত দাখিল কৰা হ‘ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিবেশনত বিশেষ গুরুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা ৯ বাজি ১৫ মিনিটৰ পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব।
Site Admin | November 4, 2025 6:39 PM | Assam Legislative Assembly
অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ