অহা ২৫ নৱেম্বৰত আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন পাঁচ দিন ধৰি চলিব। অসম বিধানসভাৰ কার্যক্রমণিকা উপদেষ্টা সমিতিৰ এখন বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উপদেষ্টা সমিতিৰ বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকল উপস্থিত থাকে। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ২৫, ২৬, ২৭, ২৮ আৰু ২৯ নৱেম্বৰত শীতকালীন অধিবেশন চলিব। উল্লেখযোগ্য যে, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূর্ণ প্রতিবেদন দাখিল কৰা হ’ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দর্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ লগতে নেলী হত্যাকাণ্ডক লৈ গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব। একেদৰে চাহ বাগিচাৰ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদান আৰু অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে ৪ খনকৈ আসন সংৰক্ষণ কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব।
Site Admin | November 1, 2025 12:03 PM | Assam Legislative Assembly
অহা ২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ