অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্রাফুল হুছেইনৰ ঋণৰ উৎস সম্পর্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন অনুসৰি এই অনুপাত ৩২ শতাংশৰ ভিতৰত ৰাখিব লাগে আৰু অসমে এই ক্ষেত্ৰত সফলতা লাভ কৰিছে। ৰাজ্য চৰকাৰে বজাৰ, বিত্তীয় প্রতিষ্ঠান, ৰাজ্যিক ভৱিষ্যনিধি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ঋণ গ্ৰহণ কৰে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। বৰ্তমান চলি থকা ঋণসমূহ ঋণৰ চৰ্তাৱলী অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পৰিশোধ কৰা হৈছে আৰু ভৱিষ্যতেও নির্দিষ্ট সময়ত পৰিশোধৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে বুলি শ্ৰীমতী নেওগে প্ৰকাশ কৰে। বিগত বিত্তীয় বৰ্ষত চৰকাৰৰ বিভিন্ন বিভাগে দৰমহা পেঞ্চন, ভাট্টাকে ধৰি বিভিন্ন শিতানত ৬০ হাজাৰ ২০৩ কোটি টকা মোকলাই দিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | March 4, 2025 7:39 PM | assam lesiglative assembly
ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীৰ প্ৰকাশ