ৰাজ্যত ৮৫৬টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১ লাখ ৪৪ হাজাৰ ৫০২ গৰাকী ছাত্ৰ আৰু ১ লাখ ৬২ হাজাৰ ৪২৩ গৰাকী ছাত্ৰী আছে। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত ২ লাখ ৩০ হাজাৰ ৯১ গৰাকী, বিজ্ঞান শাখাত ৫৭ হাজাৰ ৭২৪ গৰাকী, বাণিজ্য শাখাত ১৭ হাজাৰ ৮৬৯ গৰাকী আৰু বৃত্তিমূলক শিক্ষাত এহেজাৰ ২৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা সমাপ্ত হোৱাৰ পাছত ৰাজ্যৰ মুঠ ৪৫টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহীৰ মূল্যায়ন কৰা হ’ব। ইপিনে, অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত ৯৪৪টা পৰীক্ষা কেন্দ্ৰত মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ’ব।
Site Admin | February 13, 2025 6:58 PM | assam higher secondary final examination
ৰাজ্যত ৮৫৬টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
