ৰাজ্যৰ ১৪খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাক সামৰি আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা ১৪ খন জিলা হৈছে- বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং । শিক্ষা বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা ২২ জানুৱাৰীলৈ ১৪খন জিলাৰ ১৫ হাজাৰ ৬৬৩খন বিদ্যালয়ৰ ১৪ লাখ ১৪ হাজাৰ ৯৩২গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি বহিঃমূল্যায়ন অনুষ্ঠিত হৈছে। ইয়াৰ বাবে ইতিমধ্যে ৬ হাজাৰ ৫৩ গৰাকী বহিঃনিৰীক্ষকক দায়িত্ব প্ৰদান কৰা হৈছে।

কামৰূপ মহানগৰৰ গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়তো আজিৰে পৰা গুণোৎসৱৰ বহিঃমূল্যায়ন অনুষ্ঠিত হৈছে।

বাক্সা জিলাতো বিদ্যালয়সমূহৰ গুণগত মান নির্ণয়ৰ বাবে ২০২৫ বৰ্ষৰ গুণোৎসৱৰ বহিঃমূল্যায়ন অনুষ্ঠিত হৈছে। জিলাখনৰ শিক্ষা বিভাগে জনোৱা অনুসৰি এই গুণোৎসৱত বাক্সা, জালাহ, টিহু, বৰ্মা, তামুলপুৰ আৰু গোৰেশ্বৰ শিক্ষা খণ্ডক সাঙুৰি সৰ্বমুঠ এহেজাৰ ৬৮৫ খন বিদ্যালয়ৰ এক লাখ ৬৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বাক্সা আৰু তামুলপুৰ জিলাত এই গুণোৎসৱ সুকলমে নিৰীক্ষণ কৰিবলৈ ৬৮৭ গৰাকী বহিঃমূল্যায়কক দায়িত্ব প্রদান কৰা হৈছে ।

চৰাইদেউ জিলাৰ পি এম শ্ৰী মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পৰিবহণ মন্ত্রী যোগেন মহনে গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়।

শোণিতপুৰ জিলাত আজিৰে পৰা জিলাখনৰ বিভিন্ন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে জিলা সদৰত থকা বিদ্যালয়সমূহ পৰিদৰ্শন কৰে।