ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 6, 2025 12:38 PM | assam gunotsav 2025

printer

ৰাজ্যৰ ১১খন জিলাত আজিৰে পৰা গুণোৎসৱ-২০২৫

ৰাজ্যৰ ১১ খন জিলাত আজি গুণোৎসৱ ২০২৫ৰ কাৰ্যসূচী আৰম্ভ। প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৯ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ’ব। ১১ খন জিলাত ১৬ হাজাৰ ৫৬ খন চৰকাৰে প্ৰাদেশীকৃত আদর্শ বিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ’ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১৪ লাখ ১১ হাজাৰ ৮৭৮ গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ণ কৰা হ’ব। গুণোৎসৱত ৬ হেজাৰ ৩৬৫ গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই বহিঃমূল্যায়ন কার্যসূচীত অংশগ্ৰহণ কৰিব।