সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই ২০১৭-১৮ চনত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটীৰ শিলপুখুৰী দুর্গামন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক-কর্মচাৰী সংস্থাৰ সাধাৰণ সভাত আজি সংস্থাটোৱে প্ৰাদেশিকীকৰণৰ বিষয়টো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য চৰকাৰে এখন উপ-সমিতি গঠন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। ইপিনে, প্রাদেশিকীকৰণৰ পৰা বঞ্চিত বহু সংখ্যাক শিক্ষক-কর্মচাৰীয়ে আজি চাকৰি নিয়মীয়াকৰণৰ দাবীত খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমৱেত হোৱা শিক্ষক-কর্মচাৰীসকলে খানাপাৰাৰ পৰা জনতা ভৱনৰ দিশে অগ্ৰসৰ হ’বলৈ চেষ্টা চলাই যদিও আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। পাছত আৰক্ষীয়ে প্ৰতিবাদী শিক্ষক-কর্মচাৰীসকলক আটক কৰি খানাপাৰাৰ পৰা অন্য স্থানলৈ লৈ যায়।
Site Admin | January 20, 2025 9:20 PM | assam govt education teacher
২০১৭-১৮ চনত স্থাপিত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ আনিবলৈ চৰকাৰক শিক্ষক-কর্মচাৰী সংস্থাৰ আহ্বান
