ৰাজ্য চৰকাৰে আৰক্ষী কনিষ্টবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা বৰ্তমানৰ ২৫ বছৰৰ পৰা ২৬ বছৰলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰাৰ লগতে আবেদনৰ সময়সীমাও ১৫ দিন বৃদ্ধি কৰা হৈছে বুলি প্রকাশ কৰিছে। একেদৰে এ ডি আৰ ইৰ জৰিয়তে চাকৰিত যোগদান কৰা সকলকে ধৰি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলি আবেদনৰ বাবে স্বাগত সতীর্থ প’র্টেলটো অহা মাহত পুনৰ মুকলি কৰা হ’ব বুলি তেওঁ সদৰি কৰিছে। এ ডি আৰ ইৰ বাবে আবেদন কৰা দিব্যাংগ প্রার্থীসকলে বিচৰাধৰণে পূর্বে মেডিকেল পৰীক্ষাত অনুতীর্ণ হোৱা প্ৰাৰ্থীসকলৰ কাৰণে দ্বিতীয়বাৰৰ বাবে মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়। অপ্রাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ আবেদনৰ প’ৰ্টেলটো শীঘ্ৰে মুকলি কৰিবলৈ তেওঁ শিক্ষা বিভাগক নির্দেশ দিয়ে বুলি প্রকাশ কৰিছে।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই ছুইজাৰলেণ্ডৰ ডাভোচলৈ ৰাওনা হোৱাৰ পূৰ্বে কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰাৰ লগতে অতি সোনকালে যোৰহাট আৰু মাজুলীৰ মাজৰ দলঙৰ কাম পূর্ণ গতিত আৰম্ভ হ’ব বুলি উল্লেখ কৰিছে। আনহাতে, নুমলীগড় আৰু গোলাঘাটৰ মাজত হ’বলগীয়া সুৰংগপথত কেন্দ্রীয় কেবিনেটৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে অপেক্ষা কৰি থকা বুলিও তেওঁ কয়।মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজন হ’লে জ্যেষ্ঠ মন্ত্রী ৰঞ্জিত দাসে এই বৈঠকত অধ্যক্ষতা কৰিব বুলি সামাজিক মাধ্যমযোগে তেওঁ প্ৰকাশ কৰিছে।
ইপিনে, গুৱাহাটীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত বাগৰুম্বা দহৌ কাৰ্যসূচী সম্প্রতি সামাজিক মাধ্যমযোগে বহুল প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে বাগৰুম্বা নৃত্যৰ দৃশ্য প্ৰচাৰ কৰাৰ ফলত অসমৰ বাগৰুম্বা বিশ্বৰ মাজলৈ যোৱাটো সম্ভব হোৱা বুলিও তেওঁ কয়। অনুষ্ঠানটো সফল কৰাৰ বাবে তেওঁ ৰাজ্যৰ সকলো জাতীয় সংগঠনৰ নেতৃত্বক ধন্যবাদ জনায়।