January 17, 2026 7:18 PM | Assam Govt

printer

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ’বলগীয়া আলোচনা স্থগিত

 ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হবলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হব। পাৰস্পৰিক সম্মান আৰু বুজাবুজিৰ মাজেৰে সকলো বিষয় সমাধান কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।