ৰাজ্য চৰকাৰে ১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পূৰ্ণ কৰিব। স্বাস্থ্য বিভাগৰ নিযুক্তি ২২ ডিচেম্বৰত আৰু চাহ বাগিচাৰ পৰা বিভাগটোৰ বিভিন্ন পদৰ বাবে বাছনি লাভ কৰা যুৱক-যুৱতীসকলক ২৩ ডিচেম্বৰত নিযুক্তি প্ৰদান কৰা হ’ব। ইয়াৰ লগতে অভিযান্ত্রিক কৃষিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি পত্র ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।
ৰাজ্য চৰকাৰে শীঘ্ৰেই ৭৫ হাজাৰ ল’ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আত্মসংস্থাপনৰ সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ইয়াৰ বাবে বাছনি প্রক্রিয়া শেষ হৈছে আৰু ১৫ জানুৱাৰীৰ পাছত এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক আত্ম-সংস্থাপনৰ সুবিধা দিয়া হ’ব বুলি তেওঁ কয়। প্ৰতিখন জিলা সদৰত এই আঁচনিৰ হিতাধিকাৰীসকলক ধন বিতৰণ কৰা হ’ব বুলি তেওঁ কয়।
ইপিনে, অসম আৰক্ষীত খালী হৈ থকা দুহেজাৰ ৩৫০ টা পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে কালি বিজ্ঞাপন প্রকাশ কৰে। ইয়াৰে দুহেজাৰ ২৩৭ টা পদ অসম আৰক্ষী আৰু ১১৩টা পদ বন বিভাগৰ। বিজ্ঞাপন অনুসৰি ৪৮ টা উপ-পৰিদৰ্শক পদ, ৩৯টা সহকাৰী কাৰাধ্যক্ষ, এহেজাৰ ৫২ টা কনিষ্টবলৰ পদকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।