ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু পেঞ্চনাৰসকলক শুভেচ্ছা জনায়। ২০২৫-২৬ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অর্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুৱৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে।
সাহিত্যিকসকলক বঁটাৰ লগতে ৫০ হাজাৰকৈ টকা প্রদান কৰা হ’ব। ইপিনে, সাহিত্য পেঞ্চন লাভকৰাসকলে প্রতিমাহে ৮ হাজাৰ টকাকৈ লাভ কৰিব। কাইলৈ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ’ব। দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।