ডাউনলোড
মোবাইল এপ

android apple
signal

August 4, 2025 12:42 PM | Assam Govt

printer

প্ৰায় ৪,২৪০ হেক্টৰ ভূমি দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় চাৰি হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভিতৰত ফটাশিল, দক্ষিণ কালাপাহাৰ, গোটানগৰ, হেঙেৰাবাৰী, গড়ভাঙা, মাৰাকদোলা, পশ্চিম এপ্ৰিকোলা আৰু মতাপাহাৰ সংৰক্ষিত বনাঞ্চল আছে। অৱশ্যে বন বিভাগে এই বনাঞ্চলসমূহত বাস কৰা থলুৱা লোকসকলক বাদ দি দখলিকৃত ভূমিৰ পৰিমাণ নিৰ্ধাৰণ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ সবিশেষ তথ্য দাখিল কৰিছে। ৰাজ্য চৰকাৰে উচ্ছেদ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মালিগাঁৱৰ আদিংগিৰি পাহাৰত থকা ফটাশিল সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলত উচ্ছেদৰ জাননী জাৰি কৰা হৈছে।