ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত বিত্ত প্রযুক্তি বিষয়ক দক্ষতা বিকাশৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তথ্যপ্রযুক্তি আৰু বিজ্ঞান মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জিলিঙণী শীর্ষক এই কাৰ্যসূচী উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিত্ত প্রযুক্তি সম্প্ৰতি কৰপৰেট জগতৰ মূল চালিকা শক্তিৰূপে পৰিগণিত হৈছে আৰু ভৱিষ্যতে দক্ষতা সম্পন্ন যুৱ প্ৰজন্মৰ বাবে খণ্ডটোৱে নিয়োগ আৰু উত্তৰণত অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। প্ৰশিক্ষণ কার্যসূচীয়ে শিক্ষার্থীসকলক বিত্ত সেৱা খণ্ডত ৰিয়েল ৱৰ্ড স্কীল আৰু নব্য বিকশিত প্ৰযুক্তিৰ অভিজ্ঞতা আহৰণেৰে বেংকিং তথা কৰ্পৰেট খণ্ডত নিযুক্তি লাভ কৰিব পৰাকৈ সাজু কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ অভিযান্ত্রিক এম চি এ, বি এছ চি, তথ্য প্ৰযুক্তি আৰু আনুসংগিক শাখাৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল এই কাৰ্যসূচীৰ পৰা উপকৃত হ’ব। তেওঁ কয়, যে অসমক ডিজিটেলভাৱে শক্তিশালী আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি সম্পূৰ্ণৰূপে সাজু ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশৰ পৰা এইচ ডি এফ চি বেংক আৰু অসম চৰকাৰৰ মাজৰ এই সহযোগিতা অতিকে গুৰুত্বপূৰ্ণ। এই দক্ষতা বিকাশ কার্যসূচীয়ে বেংকিং প্রযুক্তি আৰু ডিজিটেল উদ্ধাবৱনৰ ক্ষেত্ৰসমূহৰ মাজৰ ব্যৱধান হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যান চক্ৰৱৰ্তী, তথ্য প্রযুক্তি বিভাগৰ প্ৰধান সচিব কে এছ গোপীনাথ নাৰায়ণ, বিভাগীয় সচিব নন্দিতা দত্ত, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° ৰমেশ চন্দ্ৰ ডেকা আৰু ৰাজ্য চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ড° ইন্দিৰা গগৈ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
Site Admin | July 2, 2025 8:24 PM | Assam Govt
ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত দক্ষতা বিকাশৰ বিশেষ কাৰ্যসূচী
