অসম চৰকাৰে বাণিজ্যিকভাৱে মটৰ চাইকেল, টেক্সী সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণৰ অংশ হিচাপে আজি অসমৰ প্ৰথমখন হালধীয়া নম্বৰপ্লেটৰ দুচকীয়া বাহন পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা আজি নগাঁও জিলাৰ লাহৰিঘাটৰ সুমন চন্দ্ৰ বৰ্মনক অসমৰ প্ৰথমখন প্রমাণপত্র দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বাণিজ্যিভাৱে মটৰ চাইকেল টেক্সী সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।