May 29, 2025 1:00 PM | Assam Govt

printer

ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৩ হাজাৰ ৩৬৭ খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ তিনিমহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।