January 8, 2025 1:27 PM | Assam Govt

printer

শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্রয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমর্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।