অসম চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবে আজি প্ৰসাৰ ভাৰতীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই তথ্য চিত্ৰখনত ৫২ টা খণ্ড থাকিব। এই উপলক্ষে আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তথ্যচিত্ৰখনৰ জৰিয়তে মহাবীৰগৰাকীৰ বীৰত্বৰ কাহিনী দেশৰ প্ৰতিটো প্ৰান্তৰ লোকৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই তথ্যচিত্ৰখন দূৰদৰ্শন আৰু ইয়াৰ অ‘ টি টি চেনেলসমূহৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ‘ব। তথ্যচিত্ৰখন নিৰ্মাণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১০ কোটিকৈ মুঠ ২০ কোটি টকা ব্যয় কৰিব। আজিৰ অনুষ্ঠানত দূৰদৰ্শনৰ উপ- সঞ্চালকপ্ৰধান অমিত কুমাৰ আৰু ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষি দাস নাথৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত দূৰদৰ্শনৰ সঞ্চালকপ্ৰধান কাঞ্চন প্রসাদো উপস্থিত থাকে ।
Site Admin | August 12, 2024 7:02 PM
প্ৰসাৰ ভাৰতীৰ সৈতে অসম চৰকাৰৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ