যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২১ খন জিলাৰ ৬ লাখ ৩৩ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ এহেজাৰ ৫০৬ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰতিক বানত কমেও ১৯ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হাইলাকান্দি, শ্রীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১৫ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা দুটা আশ্রয় শিবিৰত ৪৬৪ জন লোকে আশ্ৰয় লৈ আছে।
ডিব্ৰুগড় জিলাত বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। কালি জিলাখনৰ পানীতোলা পশু চিকিৎসালয়ৰ পৰা দধিয়ালৈ পশু খাদ্য দিবলৈ যোৱা চিকিৎসা কৰ্মীৰ এটা দল পানীৰ মাজত আবদ্ধ হৈ পৰে। প্ৰশাসনে দলটোক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। যোৰহাট জিলাতো বিভিন্ন অঞ্চল প্লাৱিত হৈ আছে। গোলাঘাটত কমেও ৬০ খন গাঁও সাম্প্রতিক বানত প্লাৱিত হৈছে। ইয়াৰ ফলত জিলাখনৰ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বোকাখাতত মুকলি কৰা আশ্ৰয় শিবিৰত বহু লোকে আশ্ৰয় লৈ আছে। ইপিনে, ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজান, ৰহমৰীয়া আৰু বিন্ধাকটাৰ টেঙাবাৰী মিৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। টেঙাবাৰীৰ মিৰিগাঁৱত পেভাৰ ব্লকৰ পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে তদুপৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ, দুটা ধর্মীয় অনুষ্ঠানকে ধৰি বিভিন্ন অঞ্চল খহনীয়াত জাহ গৈছে।
কামৰূপ জিলাৰ বিভিন্ন অঞ্চল সাম্প্ৰতিক বানত প্লাৱিত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাও জিলাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰাংগাজাও এলেকাত হোৱা ভূমিস্খলনৰ বাবে জাতিংগা আৰু শিলচৰ সংযোগী পথত বয়বস্তু পৰিবাহী কেইবাখনো ট্রাক বিগত কিছুদিন ধৰি আবদ্ধ হৈ আছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবাটাও অংশ খহি যোৱাৰ লগতে বোকাময় হৈ পৰাত এই বাহনসমূহে পথটো অতিক্ৰম কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হয়। প্রতিকুল পৰিস্থিতিক নেওচি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো মুকলি কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। পথটোৰে চেগা চোৰোকাকৈ দুই-এখন লঘু যান-বাহন যোৱাৰ অনুমতি দিয়া হৈছে। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে আবদ্ধ হৈ থকা ট্ৰাকৰ চালকসকলক প্রয়োজনীয় সামগ্ৰী যোগান ধৰিছে। অৱশ্যে হাফলং-লামডিং আৰু হাফলং-লংকা সংযোগী পথৰ কোনো ক্ষতি হোৱা নাই আৰু পথ দুটাৰে যান-বাহনৰ চলাচল অব্যাহত আছে।