ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পুঁজিৰ আৱণ্টন

● কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজি আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰিৰ পুজিৰ অংশ হিচাপে ৫ হাজাৰ ৮৫৮ কোটি ৬০ লাখ টকাৰ আৱণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৭১৬ কোটি টকা আবণ্টন দিছে। একেদৰে মহাৰাষ্ট্ৰলৈ ১,৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ এহেজাৰ কোটিৰো অধিক টকা, গুজৰাটলৈ ৬০০ কোটি টকা আৰু তেলেংগানালৈ ৪১৭ কোটি টকা মোকলাই দিয়া হৈছে। চলিত বৰ্ষৰ বাৰিষা কালত অতিমাত্ৰা বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছিল। বানত ক্ষতিগ্ৰস্ত অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মণিপুৰলৈ ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে আন্তঃমন্ত্ৰালয় কেন্দ্রীয় দল প্ৰেৰণ কৰা হৈছিল। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে প্রাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সংকল্পবদ্ধ। তেওঁ লগতে কয় যে চলিত বৰ্ষত ইতিমধ্যে ২১খন ৰাজ্যলৈ ১৪ হাজাৰ ৯০০ কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে।