ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

♦ ৰাজ্যৰ ৯ খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাগৰীয় ঘূর্ণিবতাহ ৰিমলৰ প্ৰভাৱত হোৱা প্ৰৱল বৃষ্টিপাতৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, ডিমা হাচাও আৰু কাৰ্বি আংলঙত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ ফলত ৰাজ্যৰ ৩৮৬ খন গাওঁৰ ২ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

Read Now : 

অসম ৰাজ্যিক দুৰ্যোগ প্রশমন বিভাগে জনোৱা অনুসৰি ৯৫ টা শিবিৰত ৩৫ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিমা হাচাও, গোৱালপাৰা, বঙাইগাওঁ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিজুলী ঢেৰেকনীসহ প্ৰৱল বৃষ্টিপাত হ’ব বুলি আগজাননী দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।