ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2025 1:14 PM | Assam Flood

printer

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়া বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ২২ খন জিলাৰ ৫ লাখ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত শেহতীয়া বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হৈ আছে। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলাখনৰ পাচনৈ, বৰবিল আৰু নাওবৈচা সমষ্টিৰ আমতলা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। এই স্পৰ্শকাতৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰে সকাহ আৰু সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি তেওঁ আশ্বাস দিয়ে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আজি শিলচৰত উপস্থিত হ’ব। তেওঁ প্ৰথমে শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত ড° শৰ্মাই শিলচৰৰ মালিনী বিল অঞ্চল, নর্মেল স্কুল বান শিবিৰ, কেন্দ্ৰীয় বিদ্যালয়, কছমিক মার্কেট, হিৰণ প্ৰভা দেৱ শিশু মন্দিৰ স্কুলৰ বান শিবিৰ পৰিদৰ্শন কৰি বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীয়ে কালি ৰঙানদী শক্তি প্ৰকল্পৰ নিপকোৰ বিষয়ববীয়াৰ সৈতেও পর্যালোচনা বৈঠকত মিলিত হয়। তেওঁ জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণৰ লগতে জিলা প্ৰশাসনৰ সৈতে সঘনে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে মন্ত্রী নন্দিতা গার্লোচাই আজি জিলা প্ৰশাসনৰ মূৰববীসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব। জিলাখনৰ লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, কৃষি বিভাগ, ৰাজহ বিভাগ, আদিৰ মুৰববীসকলৰ সৈতে আলোচনাত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বানৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপৰ বিষয়ে নিৰ্দেশনা জাৰি কৰিব। হোজাইত কালি বিয়লি বানৰ ফলত এজন লোকৰ মৃত্যু হয়। হোজাইৰ হায়ং বুলাইত সংঘটিত এই শোকাবহ ঘটনাত মৃত্যু হোৱা লোকজনৰ নাম নাৰায়ণ মল্লিক বুলি জানিব পৰা গৈছে। কপিলীৰ পানী বৃদ্ধিৰ বাবে বানৰ সৃষ্টি হোৱাত ওখ ঠাই বিচাৰি ৰে’ল আলিলৈ যোৱাৰ সময়ত পানীৰ কোবাল সোঁতত পৰি লোকজনৰ মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।
ইপিনে শ্রীভূমিৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদীয়ে কালি জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে সম্প্ৰতি জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ প্ৰায় ৩০০ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে। বানৰ ফলত জিলাখনৰ ৩০ৰ পৰা ৪০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ কয়।

কলিয়াবৰৰ হাতীমূৰা মথাউৰিক লৈ স্থানীয় লোক সকল সন্দিহান হৈ থকাৰ সময়তে কালি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই নিশা মথাউৰিটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ হাতীমূৰা মথাউৰি নিৰ্মাণত চাৰি তৰপীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাত মথাউৰিটোৰ ক্ষয়ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই। অৱশ্যে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ২৪ ঘণ্টাই মথাউৰিটো নিৰীক্ষণ কৰি থকা হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে হাতীমূৰা মথাউৰিৰ শেহতীয়া স্থিতিক লৈ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক