ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৰিমগঞ্জত আজি দুখন নির্বাচনী সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মল্লাহৰ হৈ পাথাৰকান্দি সমষ্টি ইছাবিল ময়দানত দুপৰীয়া ১২ বজাত আৰু বদৰপুৰ সমষ্টিৰ মালোৱাত দুপৰীয়া ১ বজাত নির্বাচনী সভাত অংশ ল’ব। ইপিনে, বিয়লি ৫ বজাৰ পৰা মুখ্যমন্ত্ৰী ড০ শর্মাই হাইলাকান্দিতো এটা ৰোড শ্ব’ত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে, কংগ্ৰেছকে ধৰি আন আন দলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।