ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে, কালি বৰপেটা সমষ্টিত ৮২.০২, ধুবুৰীত ৮৬.৮০, গুৱাহাটীত ৭৫.৬৭ আৰু কোকৰাঝাৰ সমষ্টিত ৮০.৪৪ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে।