ৰাজ্য চৰকাৰৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে বিত্ত বিভাগে এখন জাননী জাৰি কৰিছে। সেই অনুসৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চপর্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ উপযুক্ত বিবেচিত এককালীন সাহায্য হিচাপে ৫০ হাজাৰ টকা দিয়া হ’ব। ঋণ লাভ কৰা কোনো শিক্ষার্থীয়ে যদি ঋণ একাউণ্টটো ইতিমধ্যে বন্ধ কৰি দিছে তেনেহ’লে তেওঁলোক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। এই আঁচনিয়ে অসমৰ স্থায়ী বাসিন্দাসকলকহে সামৰি ল’ব অসম বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰত আৰু আৰ বি আইৰ স্বীকৃতিপ্রাপ্ত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামাঞ্চলৰ বেংক, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ পৰা ঋণ লাভ কৰা শিক্ষাৰ্থীকহে এই আঁচনিয়ে সাঙুৰি ল’ব। এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে শিক্ষার্থীয়ে নির্দিষ্ট অনলাইন পর্টেলযোগে আবেদন কৰিব লাগিব। সাংসদ, বিধায়ক, পঞ্চায়ত সদস্য, ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰীৰ সন্তানে এই সুবিধাৰ পৰা বঞ্চিত হ’ব। ন্যূনতম ২ লাখ টকা শিক্ষাৰ ঋণ মঞ্জুৰী পোৱা সকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব ।
Site Admin | July 30, 2024 8:32 PM | assam education abhinandan scheme
উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ জাননী জাৰি