ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধর্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনাৰ আধ্যাত্মিকতা, তত্ত্ব জ্ঞান আৰু সমাজমুখী আদৰ্শ সমাজ জীৱনৰ পথ প্ৰদৰ্শক হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰে। মহাপুৰুষজনাৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত আজি যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। অনুগামীসকলৰ উদ্যোগত সত্ৰখনৰ পৰা ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ উপৰি নাম-প্ৰসংগও কৰা হয়। মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ সৈতে সংগতি ৰাখি যোৱা ২২ এপ্ৰিলৰ পৰা অনুষ্ঠিত কীৰ্তন মহোৎসৱত আজি যথেষ্ঠ সংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। সৰু ল’ৰা-ছোৱালীৰ মাজত খেল-ধেমালি, দিহানাম প্ৰতিযোগিতা আৰু বাৰে-ৰহণীয়া অনুষ্ঠানৰো আয়োজন কৰা হয়। বৈষ্ণৱ পন্থাৰ পীঠস্থান মাজুলীৰ দক্ষিণপাট সত্ৰতো মহাপুৰুষজনাৰ তিথি ধৰ্মীয় বিধি অনুযায়ী পালন কৰা হয়। এই উপলক্ষে সত্ৰখনত নাম-কীৰ্তন আৰু অন্যান্য ধৰ্মীয় কাৰ্য সম্পন্ন হয়। কামৰূপ জিলাৰ ৰামদিয়াৰ পোৰাভিঠা সত্ৰত আজি মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম-প্ৰসংগ আৰু লাৰু উৎসৱ পালন কৰা হয়। এই উৎসৱত ৰাজ্যৰ প্ৰায় ১০ হাজাৰ ভক্তই ৭ লাখতকৈও অধিক লাৰু যোগান ধৰে। উল্লেখযোগ্য যে মানৰ আক্ৰমণৰ সময়ৰ পৰাই সত্ৰখনত এই পৰম্পৰা চলি আহিছে। কামৰূপ জিলাৰ শুৱালকুছি, আমৰংগাকে ধৰি অন্যান্য দামোদৰীয় সত্ৰসমূহতো আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। গোৱালপাৰা জিলাৰ ভালুকডুবিতো তিনিদিনীয়া কাৰ্যসূচীৰে দামোদৰ দেৱৰ তিথি পালন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক