অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত অসম ক্রিকেট সন্থাৰ খেলপথাৰত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি দুলীয়াজান কলেজ ক্রিকেট ক্লাব আৰু নামৰূপ ক্রিকেট একাডেমীৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন বিধায়ক তথা অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে উদ্বোধন কৰে। বিধায়কগৰাকীয়ে প্রতিযোগিতাৰ পতাকা উত্তোলন কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই ধৰণৰ প্ৰতিযোগিতাসমূহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ন ন ক্রিকেট খেলৰ প্ৰতিভা সৃষ্টি কৰাত সহায়ক হ’ব বুলিও উদ্বোধনী অনুষ্ঠানত বিধায়ক শ্রীগগৈয়ে উল্লেখ কৰে।
Site Admin | January 19, 2026 12:41 PM | Assam cricket
অসম ক্রিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ