ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2025 8:59 PM | Assam cricket

printer

অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যত অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অনুকৰণত অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ অনুষ্ঠিত হ’ব। বিচিচিআইৰ সচিব দেৱজিৎ শ‍ইকীয়া আজি বৰপেটাত এই কথা প্রকাশ কৰিছে। অসম ক্রিকেট সন্থাই বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদিত নিৰ্মাণ কৰি থকা ক্রিকেট একাডেমীত আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ দেৱজিৎ শ‍ইকীয়াই ভাৰতৰ ক্ৰিকেটৰ ক্ষেত্ৰখনৰ বাবে বিচিচিআইৰ বহু পৰিকল্পনা আছে বুলি প্ৰকাশ কৰে। শ‍ইকীয়াই লগতে কয়, যে বৰপেটাত নির্মীয়মান ছেটেলাইট ক্রিকেট এডাডেমীখন দুমাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। একাডেমীখন সম্পূৰ্ণ হৈ উঠিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ বিভিন্ন খেল আয়োজন কৰা হ’ব বুলিও শ‍ইকীয়াই কয়। বৰপেটাক ক্ৰিকেটৰ ক্ষেত্ৰখনত আগশাৰীৰ জিলা হিচাপে অভিহিত কৰি জিলাখনৰ খেলুৱৈসকলক ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ তেওঁ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।