ডাউনলোড
মোবাইল এপ

android apple
signal

August 11, 2025 7:30 PM | assam co-district

printer

ৰাজ্যত পুনৰ ১০খন নতুন সমজিলা

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা সংযোজন কৰা হ’ব। কাইলৈ কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত সমজিলা সংযোজন কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। পৰহিলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা ৪৯ লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত ৩৯খন সমজিলা সংযোজন কৰা হৈছিল ৷ প্রশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ প্রশাসনিক ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব।