ডাউনলোড
মোবাইল এপ

android apple
signal

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে ল’ব লাগিব আগতীয়া সুৰক্ষাজনিত অনুমোদন

অসমত ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ পূৰ্বে এতিয়াৰে পৰা আগতীয়া সুৰক্ষাজনিত অনুমোদনৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বেও এনে ধৰণৰ ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানক অনুজ্ঞা প্ৰদানৰ আগেয়ে চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদন বিচাৰে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অসমতো দুই-তিনি মাহৰ ভিতৰতে এই ধৰণৰ আইন প্ৰণয়ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৰপেটা আৰু বৰাক উপত্যকাত কেৰালাৰ কেইবাখনো বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বিষয়ে পৰিকল্পনা কৰা হৈছে যদিও এই ক্ষেত্ৰত সুৰক্ষাজনিত দিশটো চালি-জাৰি চাবলৈ ৰাজ্যিক পৰ্যায়ত আইনগত ব্যৱস্থা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই বিশ্ববিদ্যালয়কেইখন প্ৰতিষ্ঠা কৰাটো সুৰক্ষাজনিত কাৰণত সুবিধাজনক নহয় অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰকাশ কৰিছিল যদিও এনে বিশ্ববিদ্যালয়ক অনুজ্ঞা প্ৰদানৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্রতিবেদন গ্ৰহণ কৰাটো বাধ্যতামূলক নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সিদ্ধান্ত ল’ব পৰা নাই। এইবোৰ দিশলৈ লক্ষ্য ৰাখি এই ক্ষেত্ৰত আইন প্ৰণয়নৰ দিহা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক