অসম চৰকাৰে ৰাজ্যখনক বহনক্ষম বিনিয়োগ নিশ্চিত কৰাৰ বাবে বিনিয়োগৰ বৃহৎ সংখ্যক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণ খণ্ডসমূহত বহনক্ষম বিনিয়োগ বিচাৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভাণ্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত বিগত দুদিন ছিংগাপুৰত কেইবাগৰাকীও উদ্যোগপতি আৰু চৰকাৰী-বেচৰকাৰী নেতৃবৃন্দৰ সৈতে আলাপ আলোচনাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ছিংগাপুৰৰ উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ অসমত বিনিয়োগৰ আগ্ৰহ অতিকৈ উৎসাহজনক। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্যখনে সৰলতা, দক্ষতা আৰু স্বচ্ছতা বৰ্তাই ৰাখি অসমত ব্যৱসায়িক সূচলতাৰ বাবে প্ৰয়াস কৰি আহিছে। ৰাজ্য চৰকাৰৰ ছিংগল উইণ্ডো ক্লিয়াৰেন্স প্ৰণালীৰ জৰিয়তে এতিয়ালৈ কমেও আঢ়ৈ লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যখনৰ উন্নয়নৰ সৈতে বিশেষভাৱে জড়িত তিনিটা মূল প্রকল্প নুমলীগড় শোধানাগাৰৰ সম্প্ৰসাৰণ, ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু নামৰূপ সাৰ প্ৰকল্প সম্পূর্ণ হ’লে ৰাজ্যখনৰ অৰ্থনীতিৰ শক্তিশালী বুনিয়াদ নির্মাণত প্রকল্পসমূহে মূল ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
Site Admin | February 13, 2025 9:07 PM | assam cm himanta biswa sarma singapore
ৰাজ্য চৰকাৰৰ ছিংগল উইণ্ডো ক্লিয়াৰেন্স প্ৰণালীত আঢ়ৈ লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন
