February 6, 2025 12:40 PM | assam cabinet tax2025

printer

অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী ২০২৫ৰ খচৰাত অসম মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে ২০১৩ চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাৰ বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। নিয়মীয়াকৰণৰ পাছত এই কৰ্মচাৰীসকল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অধীনস্থ কর্মচাৰীত পৰিণত হ’ব আৰু তেওঁলোকৰ চাকৰিত বদলিৰ সুবিধা থাকিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে সদৰি কৰে। অন্য ৰাজ্যৰ পৰা অসমলৈ কৰ ফাঁকি দি সামগ্ৰী অনাটো বন্ধ কৰা আৰু নিৰীক্ষণ কৰাৰ অৰ্থে অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী ২০২৫ৰ খচৰাৰ লগতে অসম মন্ত্ৰীসভাৰ এই বৈঠকত অসম ৰাজহুৱা বিতৰণ সংশোধনী আদেশ ২০২৫ত অনুমোদন জনায়। এই আদেশৰ আধাৰত এতিয়াৰে পৰা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণৰ ম্যাদ তিনিবছৰৰ পৰা পাঁচবছৰলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ লগতে বৈঠকত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কৰ্মৰত অসমীয়া বিভাগৰ শিক্ষকসকলক অসমীয়া মাধ্যমৰ লগতে অন্য মাধ্যমৰ বিদ্যালয়তো নিয়োজিত কৰাৰ বাবে একেটা কেডাৰৰ অধীনলৈ অনাৰ প্ৰস্তাৱত অনুমোদন জনায়। বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ অধিকাৰ আইনৰ অধীনত আর্থিকভাৱে পিছপৰা লোকৰ সন্তানৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ ব্যৱস্থা প্রযোজ্য কৰাৰ অৰ্থে এটা ৱেব প’ৰ্টেল মুকলিৰ প্ৰস্তাৱতো বৈঠকত অনুমোদন জনোৱা হয়। বিটিআৰত উচ্চ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিয়মীয়া বিধিতো বৈঠকে অনুমোদন জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।