নলবাৰীত অহা ২৬ জুনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক

ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ’ব। মুখমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত হ’বলগীয়া চতুৰ্দশ মন্ত্রীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্রশাসনে ইতিমধ্যে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে  কালি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেবিনেট বৈঠক সন্দৰ্ভত যাৱতীয় পৰিকল্পনা গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিভিন্ন জিলাত পৰ্যায়ক্ৰমে মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত কৰি অহা হৈছে। অনুপৰি নতুন দিল্লীতো ৰাজ্যিক মন্ত্রীসভাৰ তিনিখনকৈ বৈঠক অনুষ্ঠিত কৰা হৈছে।