December 19, 2025 12:07 PM | Cabinet

printer

নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্রাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্ৰাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে প্রয়োজন হ’বলগীয়া ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্রীসভাই ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে ৬০৭ বিঘা চৰকাৰী ভূমি হস্তান্তৰত অনুমোদন জনায়। তদুপৰি মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰঙৰ ২২৪ টা পৰিয়াল আৰু কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট, দৰঙৰ ৮৪ টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই চাহ শ্রমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দৰ্ভত মন্ত্রীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। এই সংশোধনীৰ ফলত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলে ভূমি আবণ্টনৰ কামত আগবাঢ়িব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি, গ্রামীণৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত বি টি চিলৈ ২৫০ কোটি টকা মোকলাই দিয়াৰ বাবে অনুমোদন জনোৱা হয়।

ইপিনে, জৈৱ বৈচিত্ৰৰ দিশত থকা অপৰিসীম গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলাৰ কুমৰিবিল আৰু ধামাৰবিলক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত লয়। ইয়াৰ লগতে মহিলা টী-২০ দৃষ্টিহীন বিশ্বকাপ ক্রিকেট বিজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক শাৰীৰিক প্ৰশিক্ষক পদত নিযুক্তি দিয়াৰ বাবে মন্ত্রীসভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। মন্ত্রীসভাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভতো বিভিন্ন বিষয়ে আলোচনা কৰে।