ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 10, 2025 11:51 AM | assam cabinet

printer

অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই কালি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অনুমোদন জনাইছে। ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ দিয়াৰ বাবেও কেবিনেটে অনুমোদন দিছে। একেদৰে হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনাইছে।