ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগীক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি ২০২৫, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সামগ্রী উৎপাদন নীতি ২০২৫ আৰু বায়’ ই থ্রী নীতিৰ কাৰ্যকৰী আঁচনিত অনুমোদন জনোৱা হয়। ৰাজ্যত ষ্টাৰ্ট আপৰ বিকাশত পুঁজি আৰু পৰামৰ্শমূলক সমর্থনৰ বাবে এটা বিশেষ প্রশাসনীক বিভাগ সৃষ্টিত অনুমোদন জনোৱা হয়। মন্ত্রীসভাত ১৯ খন জিলাৰ চাহ বাগিচা অঞ্চলৰ ২১৯ টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে ২৩৪ কোটি টকাত অনুমোদন জনোৱা হয়। তদুপৰি ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহ যোগাবলৈ নগৰাঞ্চলৰ যোগ্য আত্মসহায়ক গোটৰ সদস্যাসকলক সমৰ্থন আগবঢ়াবৰ বাবে মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানত মন্ত্রীসভাই অনুমোদন জনায়। এই আঁচনিখনে নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যাসকলক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজি প্ৰদান কৰিব। বৈঠকত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত অবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাতো অনুমোদন জনোৱা হয়। এই বৈঠকতে আপোন ঘৰ আঁচনিৰ অধীনত হিতাধিকাৰীলৈ বর্ধিত ঋণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয়৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।