শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে কালি ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন দৰিদ্র শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ প্ৰাৰম্ভিক প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে, এই প্ৰস্তাৱ অনুমোদনৰ পাছত কাৰ্যকৰী হ’লে সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত অসমীয়া বা আন থলুৱা মাধ্যমৰ মান সম্পন্ন বেচৰকাৰী বিদ্যালয়ত সংৰক্ষিত ২৫ শতাংশ আসন দুখীয়া ল’ৰা-ছোৱালীৰ বাবে মুকলি কৰি দিয়া হ’ব আৰু তেনে শিক্ষার্থীৰ মাছুল ৰাজ্য চৰকাৰে বহন কৰিব। ইপিনে কেবিনেটত লোৱা সিদ্ধান্তমৰ্মে ৰাজ্যৰ বিদ্যালয়সমূহত শীঘ্ৰেই এহেজাৰ ৭৬৬ গৰাকী গণিত বিষয়ৰ স্নাতক শিক্ষকক নিযুক্তি প্রদান কৰা হ’ব। তদুপৰি পলিটেকনিক তথা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২২১টা পদতো নতুন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই শিক্ষা মন্ত্ৰী ডº ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত এইবুলি কয় যে, শিক্ষাসেতু এপ আৰু বিদ্যা সমীক্ষা কেন্দ্ৰই বিষয় অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ উপলব্ধতা বিশ্লেষণৰ মাধ্যমেৰে দিয়া তথ্য অনুসৰি বিজ্ঞান বিষয়ৰ ৪ হাজাৰৰো অধিক স্নাতক শিক্ষকৰ ভিতৰত কেৱল এহেজাৰ ২০০ গৰাকীহে গণিত স্নাতক। তেওঁ কয় যে, এই পৰিসংখ্যাৰ ভিত্তিতেই মাধ্যমক বিদ্যালয়সমূহত গণিতৰ স্নাতক শিক্ষকক নিযুক্তি দিয়াৰ বাবে অতিৰিক্ত পদ সৃষ্টি কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। তেওঁ লগতে কয় যে, বিদ্যালয়সমূহত পর্যাপ্ত গণিত শিক্ষক নথকা বাবেই শিক্ষার্থীৰ গণিতৰ প্ৰতি অহেতুক ভীতি বৃদ্ধি পাইছে। ইপিনে দীৰ্ঘদিন ধৰি খালী হৈ থকা আৰৱী, পাৰ্চী আদিৰ দৰে বিষয়ৰ অনুমোদিত পদসমূহৰ শীঘ্ৰেই বিলুপ্তি ঘটাই তাৰ ঠাইত বিষয় অনুসৰি নিযুক্তি সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।