অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলে আজি ধেমাজি জিলা ভ্রমণ কৰি জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ দলটোৱে ধেমাজি উন্নয়ন খণ্ডত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, কৃষি উন্নয়ন আঁচনি, অট্টালিকা নির্মাণ প্রকল্পকে ধৰি বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁলোকে এই উন্নয়নমূলক কাম-কাজসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।
Site Admin | July 30, 2025 8:41 PM | assam cabinet
অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলৰ আজি ধেমাজি জিলা ভ্রমণ
