অসম মন্ত্রীসভাই ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লৈছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে বিভিন্ন জিলাৰ আয়ুক্তসকলে দুর্গম আৰু বিপদসংকুল স্থানসমূহ চিনাক্ত কৰিব। অৱশ্যে পূৰ্বতে কৰা অপৰাধৰ তথ্য থকা লোকে এনেধৰণৰ অনুজ্ঞা পত্ৰ লাভ নকৰিব। তেওঁ কয়, যে নগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, দৰং আদি জিলাৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলৰ থলুৱা লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ‘ব। কালি মন্ত্ৰীসভাৰ বৈঠকত সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এছ আই আৰ ডি আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম সলনিতো অনুমোদন জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সেইদৰে এছ আই আৰ ডি-ৰ নাম গোলাপ বৰবৰা আৰু মঙলদৈ ষ্টেডিয়ামৰ নাম শেষৰজন দৰঙী ৰজা ধৰ্ম নাৰায়ণৰ নামেৰে জনা যাব ৷
Site Admin | May 29, 2025 12:31 PM | assam cabinet
অসম মন্ত্রীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
