December 18, 2025 7:35 PM | assam cabinet

printer

বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনত অসম মন্ত্রীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনৰ বাবে অনুমোদন জনাইছে। আজি দিছপুৰত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে চাহ শ্রমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দর্ভত মন্ত্রীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। এই সংশোধনীৰ ফলত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলে ভূমি আবণ্টনৰ কামত আগবাঢ়িব পাৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে ৬০৭ বিঘা ভূমি আবণ্টনত মন্ত্রীসভাই অনুমোদন দিয়ে। মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ, কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰঙৰ ২২৪ টা পৰিয়াল আৰু কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট, দৰঙৰ ৮৪ টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰীসভাই লগতে দৃষ্টিহীন বিশ্বকাপ ক্রিকেট বিজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক শাৰীৰিক প্ৰশিক্ষক পদত নিযুক্তি দিয়াৰ বাবে মন্ত্রীসভাই এটা প্রস্তাব গ্রহণ কৰে। আজি মন্ত্রীসভাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভতো বিভিন্ন বিষয়ে আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।