অসম বিষয়ক জ্ঞানেৰে শিক্ষাৰ্থীৰ উত্তৰণত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক মন্ত্রীসভাই সকলো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীত বাধ্যতামূলক বিষয় হিচাপে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তর্ভুক্তিৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিৰ পৰামৰ্শ অনুসৰি মন্ত্রীসভাই এই সিদ্ধান্ত লয়।
ড০ শৰ্মাই মন্ত্রীসভাৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰি কয়, যে ৰাজ্যিক মন্ত্রীসভাই বৰাক উপত্যকাত বিমান যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰৰ হকে শিলচৰৰ ডলু চাহ বাগিচাত গ্রীণ ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণলৈ ৩ হাজাৰ বিঘা ভূমি হস্তান্তৰত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত বিমানবন্দৰটো নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন লাভৰ পথ প্রশস্ত হ’ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ এহেজাৰ ২০০ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰাৰ সিদ্ধান্ততো কালি মন্ত্রীসভাই অনুমোদন জনায়।
মন্ত্রীসভাই কার্বি আংলং জিলাৰ লংভাকৃত ৰাজ্যৰ দ্বিতীয়খন সৈনিক বিদ্যালয় স্থাপনৰ বাবে প্রশাসনিক অনুমোদন দিয়ে। ৩৩৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া সৈনিক বিদ্যালয়খনৰ মুঠ নির্মাণ ব্যয়ৰ ৮০ শতাংশ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে আৰু ২০ শতাংশ ধন অসম চৰকাৰে বহন কৰিব। কালিৰ বৈঠকত ডিমা হাছাও জিলাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ভূমি অধিগ্রহণ কৰা ৮৮৪টা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হয়। মন্ত্রীসভাই গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ চৌহদত ২৪৩ কোটি ৬৬ লাখ টকা ব্যয়ৰে বিমান ক্ষেত্ৰ আৰু প্ৰতিৰক্ষা, মটৰগাড়ী আৰু বৈদ্যুতিক বাহন উদ্যোগৰ এটা উৎকর্ষ কেন্দ্র স্থাপনত অনুমোদন জনায়।