ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 14, 2025 12:02 PM | assam cabinet

printer

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ

অহা ২৫ নৱেম্বৰত আৰম্ভ হবলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভবনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ১৯৮৩ চনত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ত্রিভূবন প্রসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্রতিলিপি বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে দাখিল কৰা হব।

মন্ত্রীসভাই অসম মালা আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰাৰ বাবেও অনুমোদন জনায়। আঁচনিখনৰ তৃতীয় সংস্কৰণৰ জৰিয়তে ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হব। ইয়াৰ বাবদ তিনি হাজাৰ ২১৭ কোটি টকা ব্যয়ৰ প্রস্তাৱতো মন্ত্রীসভাই অনুমোদন জনায়। মন্ত্রীসভাৰ বৈঠকত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ পুনৰ নিৰ্মাণত অনুমোদন জনোৱা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৭৬৫ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ পুনৰ নিৰ্মাণ কৰা হব। তেওঁ কয়, যে ইয়াৰ অধীনত ২৫ হাজাৰ আসন বিশিষ্ট এখন বিশ্বমানৰ ফুটবল স্টেডিয়াম, বিভিন্ন ক্রীড়াৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সুবিধা, ছুইমিং পুল নির্মাণকে ধৰি অন্যান্য সুবিধাসমূহ গঢ়ি তোলা হব। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহচক্ৰৰ মাকুম মৌজাৰ অধীনৰ লিডু-নামডাঙত ৯ দশমি ৭ হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰাৰ প্ৰস্তাবতো মন্ত্রীসভাই অনুমোদন জনায়। মুখ্যমন্ত্রীয়ে ২০২৬ চনৰ চৰকাৰী বন্ধৰ তালিকাত মন্ত্রীসভাৰ অনুমোদনৰ বিষয়ে প্রকাশ কৰি কয়, যে অনাগত বৰ্ষটোত ৩৫টা ৰাজপত্রিত বন্ধ, ৩৯ টা সীমিত বন্ধ আৰু এদিন অর্ধছুটী মঞ্জুৰ কৰা হৈছে। ইপিনে, অহা ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ৫৩ টা স্থানত হবলগীয়া ৰক্তদান শিবিৰলৈ কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে মন্ত্রীসভাই স্বাস্থ্য বিভাগক দায়িত্ব অর্পণ কৰে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।