অসম মন্ত্রীসভাই আন্তঃধর্মীয় ভূমি ক্রয়-বিক্ৰীৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ’ পিত অনুমোদন জনাইছে। কালি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি হস্তান্তৰকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ অনুমোদনৰ প্ৰয়োজন হ‘ব বুলি ইতিমধ্যে লোৱা সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা হৈছে। এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্রয়-বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ‘ব। তেওঁ লগতে কয়, যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হ‘ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্টি ৰখা হ‘ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে, একে ধৰ্মৰ লোকৰ মাজত ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত নতুন এছ অ‘ পি প্রযোজ্য নহয় বুলি তেওঁ কয়। ৰাজ্যৰ বাহিৰৰ এন জি অ‘ই ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো এই নীতি প্রযোজ্য হ‘ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। নতুন এছ অ‘ পি অনুসৰি ভূমি বিক্ৰীৰ বাবে দাখিল কৰা আবেদন চক্ৰ বিষয়াই জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব। জিলা আয়ুক্তৰ জৰিয়তে এই আবেদন ৰাজহ বিভাগে লাভ কৰাৰ পাছত অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা সেই সন্দৰ্ভত প্ৰতিবেদন বিচৰা হ‘ব। পৰৱৰ্তী কাৰ্যসূচীত আৰক্ষীৰ বিশেষ শাখাই সংশ্লিষ্ট ভূমি বিক্ৰীৰ আবেদনৰ তথ্য পৰীক্ষা কৰিব ।
এন আৰ চি প্ৰস্তুত প্ৰক্ৰিয়াত ৰৈ যোৱা বিসংগতিসমূহ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, যে এনেধৰণৰ বিসংগতিসমূহ সময় অনুযায়ী আদালতে উপযুক্ত ধৰণেৰে বিচাৰ বিবেচনা কৰিব।
বাংলাদেশৰ পৰা ধুবুৰীৰ লোকলৈ ফোনকল অহা বিষয়টো সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এইক্ষেত্ৰত আলী হুছেইন নামৰ এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসম চৰকাৰে বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকক ওভতাই পঠিয়াবলৈ সমৰ্থ হৈছে বুলি ড° শৰ্মাই সংবাদমেলত অৱগত কৰে।
কালিৰ বৈঠকত অসম উদ্যানশস্য উন্নয়ন লিমিটেডৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্তও গ্রহণ কৰা হয়। কৰ্মচাৰীসকলক প্ৰাপ্য আদায়ৰ বাবে মন্ত্রীসভাই ৬ কোটি টকা মঞ্জুৰি দিয়ে। মন্ত্রীসভাই ৯৬৯ কোটি টকা ব্যয় সাপেক্ষ ৪টা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। এই বিনিয়োগৰ জৰিয়তে ২ হেজাৰ ৭০৪টা নিয়োগ সৃষ্টি হ‘ব।
বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী অধীসূচনাৰ বাবে সৰুসজাইত হৈ যোৱা ঝুমইৰ বিনন্দিনীত অংশ লোৱা শিল্পীসকলক অহা ১২ অক্টোবৰত মাননী প্ৰদান কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়।
ইপিনে, উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ১৩ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বুলি সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্রীমোদীয়ে ১৩ ছেপ্তেম্বৰত বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশ ল‘ব। তেওঁ ১৪ ছেপ্তেম্বৰত নুমলীগড় আৰু মঙলদৈত আয়োজিত কাৰ্যসূচীত অংশ ল‘ব।