বঙাইগাঁও সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জ্যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্রীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই ঘটনাৰ তদন্তৰ বাবে এটা সাতজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল আৰু ঘটনাস্থলী ভিডিঅত আবদ্ধ কৰাৰ লগতে ফৰেনচিক দল আৰু অপৰাধ অনুসন্ধানকাৰী দলে পৰীক্ষা কৰিছিল।
মন্ত্রীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্র-ছাত্রীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। ইযাৰ জৰিয়তে প্রায় ১০ হাজাৰ ছাত্ৰ-ছাত্ৰী উপকৃত হব বুলি আশা কৰা হৈছে। বদৰপুৰবাসীক নলযোগে খোৱাপানী যোগানৰ বাবে মন্ত্রীসভাই ৪৯ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বদৰপুৰ নগৰ পানী আঁচনিত আজি অনুমোদন জনায়। ড° শৰ্মাই কয়, যে এই আঁচনিৰ জৰিয়তে উন্নত জল ব্যৱস্থাপনা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি বদৰপুৰ চহৰৰ প্ৰতিটো পৰিয়ালকে ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইপিনে জল মিত্ৰসকলৰ বিয়োগৰ পাছত তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ বাবে মৃত জল মিত্ৰজনৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্রদানতো মন্ত্রীসভাই অনুমোদন জনায়। মন্ত্রীসভাই আজি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনতো ভালেমান সিদ্ধান্ত গ্রহণ কৰে। এই অনুসৰি ৮ খন জিলাৰ ২৯৯ খন আবেদন বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ, ১০টা আন্তঃগাঁথনিৰ বাবে ভূমি আৱণ্টন, ডিব্ৰুগড়ত ১১৮ খন আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, ৭ খন জিলাৰ ১৯০টা অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত এহেজাৰ ৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি ২০১১ৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমিৰ অধিকাৰ থকা আহোম, কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোর্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্রীসভাই অনুমোদন জনায়।