ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে। এই উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী আৰু নিৰ্দলীয়কে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধায্য কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত কালি প্ৰচাৰ চলায়। বিজেপি নেতা পীযুষ হাজৰিকাই বিহালী সমষ্টিত দলীয় প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰে। আনহাতে, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কালি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলায়। সাংসদ ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ ভিন্ন প্ৰান্তত তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ সভাত অংশ লয়।
Assamese | October 28, 2024 11:52 AM | assam bye election nomination
ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ আৰম্ভ